Biography of Uday Nath Baruah. North Guwahati Silsakoo.কর্মযোগী উদয় নাথ বৰুৱাৰ জীৱনী

লিখক : শ্যামলেন্দ্ৰ নাথ বৰুৱা

জন্ম আৰু পৰিয়াল Birth and Family

Uday Nath Baruah

উদয় নাথ বৰুৱাৰ জন্ম হৈছিল ১৮৯৯ চনৰ ২৪ ছেপ্টেম্বৰ তাৰিখে সেই সময়ৰ খাগৰিজান জিলা আৰু বৰ্তমান নগাওঁ জিলাৰ চলচলিৰ বৰহমপুৰ গাঁৱত। তেওঁৰ পিতৃৰ নাম আছিল দেবনাথ বৰুৱা আৰু মাতৃৰ নাম আছিল যোগবালা বৰুৱা।

১৯২৩ চনত তেওঁ উত্তৰ গুৱাহাটী নিবাসী প্রসন্ন কুমাৰ বৰুৱাৰ একমাত্র কন্যা সাবিত্রী বৰুৱাৰ লগত বিবাহ পাশত আবদ্ধ হয়। তেওঁৰ দুজন পুত্র ক্রমে খগেন্দ্র নাথ বৰুৱা আৰু দীনেন্দ্র নাথ বৰুৱা। তেওঁৰ একমাত্র জীয়াৰী বীণা বৰুৱা।

বংশ Dynasty

উদয় নাথ বৰুৱা, দেবনাথ বৰুৱাৰ কনিষ্ঠ পুত্ৰ আৰু ফটিক চন্দ্র বৰুৱা আৰু মানিক চন্দ্র বৰুৱাৰ ভাতৃপুত্র। এওঁলোক বিখ্যাত কঢ়াল বৰুৱাৰ বংশধৰ। এওঁলোক কনৌজীয় কায়স্থ। বৰুৱাৰ মাক তিতাবৰৰ বৰ এলেঙ্গী সত্ৰাধিকাৰ সোণেশ্বৰ দেৱমহন্তৰ জীয়াৰী।

উদয় নাথ বৰুৱাৰ পিতৃ দেৱনাথ বৰুৱা এগৰাকী প্রতাপী লোক আছিল। তেখেত কেইবাখনো চাহ বাগিছাৰ মালিক আৰু নামনি অসমৰ প্ৰথম চাহ খেতিয়ক আছিল। ইয়াৰ ভিতৰত তপতজুৰি বাগিছাখন আছিল অন্যতম।

শৈশৱ আৰু শিক্ষা Childhood and education

উদয় নাথ বৰুৱাৰ শৈশৱকাল অতিবাহিত হয় গুৱাহাটীৰ উজানবজাৰ অঞ্চলৰ ফটিক কুটিৰত। খুড়াক মানিক চন্দ্র বৰুৱাই তেওঁক মাত্র ৭ বছৰ বসয়তে গুৱাহাটীলৈ আনি নিজৰ তত্ত্বাবধানত ৰাখি কটন কলেজিয়েট বিদ্যালয়ত নামভৰ্তি কৰি দিয়ে। শৈশব কালৰে পৰা বৰুৱা আগৰণুৱা স্বভাৱৰ লোক আছিল। খেল-ধেমালিৰ প্রতি থকা ৰাপৰ বাবেই তেওঁ সেই সময়তে গুৱাহাটীত ১৯১৩ চনত ‘ইষ্ট ছুপাৰ বান’ ক্লাব প্রতিষ্ঠা কৰিছিল।

অতি কম বয়সতে বৰুৱা পিতৃহাৰা হৈ পৰাত খুড়াক মানিক চন্দ্ৰ বৰুৱাৰ লগত থাকি শিক্ষা জীৱনৰ পাতনি মেলিছিল যদিও দৈৱৰ দুৰপাকত খুড়াকৰো অকাল বিয়োগ হোৱাত তেওঁ সাংঘাটিক আর্থিক দূৰাৱস্থাৰ সন্মুখীন হৈছিল।

স্বাধীনচেতীয়া আৰু দৃঢ়মনৰ অধিকাৰী বৰুৱাই তেতিয়া চাকৰি কৰাৰ সিদ্ধান্ত গ্রহণ কৰে। ১৯১৭-১৮ চনত প্রথম বিশ্বযুদ্ধৰ বাবে সামৰিক বাহিনীত হোৱা মকৰলত তেওঁ আবেদন কৰে আৰু সামৰিক পৰীক্ষাত উত্তীর্ণ হৈ 1st King George’s Own Sappers and Miners Regimentত নির্বাচিত হয়। সামৰিক প্ৰশিক্ষণৰ বাবে তেওঁ প্রথমে ৰূড়কি যাত্ৰা কৰে আৰু তাৰ পাছত ইৰাণৰ মেচোপটেমীয়া, বচোৰা, বাগদাদ, কুট, মচুল, বেবিলন, হিট প্রভৃতি মধ্যপ্রাচ্যৰ অনেক স্থানত সুখ্যাতিৰে সামৰিক দায়িত্ব পালন কৰি প্রথম বিশ্বযুদ্ধৰ অন্ততহে স্বদেশলৈ ঘূৰি আহে। প্রথম বিশ্বযুদ্ধত যোৱাৰ বাবে তেওঁ মেট্রিক পৰীক্ষাত অবতীর্ণ হ’ব পৰা নাছিল যদিও পৰৱৰ্তী কালত প্রাইভেটকে মেট্রিক পৰীক্ষা দি প্রথম বিভাগত উত্তীর্ণ হয়।

কর্মজীৱন Working life

প্রথম বিশ্বযুদ্ধৰ পৰা ঘূৰি অহাৰ পাছত তেওঁ ১৯২১ চনত মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা অসহযোগ আন্দোলনৰ প্ৰতি আসক্ত হৈ স্বাধীনতা আন্দোলনত অংশগ্রহণ কৰে। তেতিয়াৰে পৰা তেওঁ পিন্ধনত বগা খন্দৰৰ গান্ধী টুপি আৰু ধূতি পৰিধান কৰিবলৈ আৰম্ভ কৰে আৰু আজীৱন এই পৰিধানেই তেওঁৰ পৰিচয় হৈ পৰে।

চৰকাৰী চাকৰিৰ প্ৰতি সমূলি ইচ্ছা নথকাৰ পাছতো ঘৰৰ আৰ্থিক দুৰাৱস্থাৰ প্রতি লক্ষ্য কৰি তেওঁ সমবায় বিভাগৰ চৰকাৰী চাকৰিত যোগদান কৰিবলৈ বাধ্য হয়। ১৯২৩ চনত তেওঁ উত্তৰ গুৱাহাটীৰ প্রসন্ন কুমাৰ বৰুৱাৰ কন্যা সাবিত্রী বৰুৱাক বিয়া কৰাই উত্তৰ গুৱাহাটীৰ শিলসাকোত নিগাজীকৈ থাকিবলৈ লয়।

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নিয়ন্ত্রিত বস্তু বিতৰণৰ বাবে কনজিউমাৰ কো-অপাৰেটিভ ষ্টোৰবোৰ চৰকাৰে অসমত স্থাপন কৰে আৰু সেই সময়তেই উত্তৰ গুৱাহাটীৰ আটাইকেইখন ষ্টোৰ বৰুৱাৰ প্রচেষ্টাতেই স্থাপন হয়।

দ্বিতীয় বিশ্বযুদ্ধৰ সময়তেই বৰুৱাক কামৰূপ জিলাৰ সেই সময়ৰ উপায়ুক্ত মাননীয় এছ. কে. দত্ত ডাঙৰীয়াই মিলিটেৰী ৰেটচ্ এণ্ড ওৱেজচ্ ব ‘ৰ্ডৰ চুপাৰিটেনডেন্ট কৰি সমবায় বিভাগৰ পৰা তেওঁক বদলি কৰি লৈ যায়। তেওঁ উক্ত কামত নিজৰ কাৰ্যকুশলতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল।

Co-Operative Movement

যুদ্ধৰ শেষত গুৱাহাটী ছাৱডিভিজনৰ কনজিউমাৰ স্টোৰবোৰৰ অৱস্থা শোচনীয় হৈ পৰে। এই স্টোৰবোৰক জীয়াই ৰাখিবলৈ হ’লে এখন বৃহৎ হোলচেল কো-অপাৰেটিভ ষ্টোৰৰ যে দৰকাৰ আছে তাক চৰকাৰে অনুধাবন কৰিব পাৰিছিল। সেইসুত্রে সমবায় বিভাগে চৰকাৰক টানি অনুৰোধ জনাই উদয় নাথ বৰুৱাক পুনৰ সমবায় বিভাগলৈ বদলি কৰি আনিবলৈ সক্ষম হৈছিল। তেতিয়াৰে পৰা বৰুৱা উক্ত স্টোৰৰ প্রথম এক্স অফিচিও মেনেজাৰ আৰু পাছত এক্স অফিচিও ছেক্রেটাৰী হিচাপে কার্যনির্বাহ কৰে।

কনজিউমাৰ ষ্টোৰবিলাক চলি থকাৰ সময়তেদেশত কাপোৰৰ ভীষণ নাটনি আৰম্ভ হয়। এই বজাৰখন নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে চৰকাৰে কাপোৰৰ কন্ট্রল আৰম্ভ কৰে। চৰকাৰে বিতৰণৰ দায়িত্ব এপেক্স বেংক, চেন্ট্রেল ট্রেডিং, প্রাইমেৰী ট্রেডিং আদি সমবায় অনুষ্ঠানসমূহ স্থাপন কৰে। বৰৱাক গুৱাহাটীৰ এচিস্টেন্ট চুপাৰিনটেনডেন্ট অব ডিস্ট্রিবিউচনৰ ভাৰ দিয়ে। তেঁৱেই গুৱাহাটীত অসম কো-অপারেটিভ এপেক্স বেংক শাখাটো স্থাপন কৰি তাৰেই ব্রাঞ্চ মেনেজাৰৰ পদত অধিষ্ঠিত হয়।

চাকৰিজীৱন কালত উদয় নাথ বৰুৱাৰ ওপৰত ন্যস্ত কৰা বিভিন্ন দায়িত্ব আৰু বিষয়বাববোৰ তেওঁ অতি সুচাৰুৰূপে পালন কৰি নিজকে এজন দক্ষ প্রশাসনিক বিষয়া হিচাপে প্রতিপন্ন কৰিব পাৰিছিল আৰু ৰাজঘৰৰ পৰাও প্রশংসা বুটলিবলৈ সক্ষম হৈছিল।

ৰাজনৈতিক জীৱন Political life

বৰুৱাই ১৯৫৬ চনত চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত সামাজিক, ৰাজনৈতিক কামত ব্রতী হয় আৰু কংগ্ৰেছ দলৰ লগত সক্রিয়ভাবে জড়িত হৈ পৰে। তেওঁ দীর্ঘকাল ধৰি উত্তৰ গুৱাহাটী মণ্ডল কংগ্রেছৰ সভাপতি আছিল। ১৯৫৮ চনত জালুকবাৰীত হোৱা নিখিল ভাৰত কংগ্ৰেছ মহাসভাৰ অধিবেশনত খাদ্য কমিটিৰ সম্পাদকৰ দায়িত্ব লৈ দক্ষতাৰে কৰ্ম সম্পাদন কৰি সকলোৰে প্ৰশংসাৰ পাত্ৰ হৈ পৰিছিল। উদয় নাথ বৰুৱাৰ উত্তৰ গুৱাহাটীৰ ঘৰখন সেই সময়ৰ ৰাজনৈতিক আলোচনা চক্ৰৰ কেন্দ্রবিন্দু আছিল। অসমৰ প্রয়াত মুখ্যমন্ত্রী শৰৎ চন্দ্র সিংহ, বনমন্ত্রী গিৰিণ চৌধুৰী, বেণুকা দেৱী বৰকটকীকে প্রমুখ্য কৰি অনেক কংগ্ৰেছ দলৰ নেতাসমূহ সঘনাই বৰুৱাৰ ঘৰতেই মন্ত্ৰণা বৈঠকত মিলিত হৈছিল। ইয়াৰ উপৰিও বিপক্ষৰ হেম বৰুৱা, লক্ষ্যধৰ চৌধুৰী আদিও বৰুৱাৰ ঘৰতেই সামাজিক আৰু ৰাজনৈতিক কাৰণত মিলিত হৈছিল।

তেওঁ উত্তৰ গুৱাহাটী টাউন কমিটিলৈ তিনিবাৰ নিৰ্বাচিত হৈছিল। ইয়াৰে ১৯৫৮ চনৰ পৰা ১৯৬২ চনলৈ উদয় নাথ বৰুৱা উত্তৰ গুৱাহাটী টাউন কমিটিৰ চেয়াৰমেন পদত অধিষ্ঠিত হৈ নগৰখনৰ পৰিকল্পনা আৰু উন্নতিৰ হকে কাম কৰি সকলোৰে সমাদৰ বুটলিবলৈ সক্ষম হৈছিল।

সামাজিক জীৱন Social Life

তেখেতৰ কৰ্মময় সামাজিক জীবনটো বিচিত্ৰতাৰে পৰিপূৰ্ণ আছিল। উত্তৰ গুৱাহাটী মহাবিদ্যালয় আৰু উত্তৰ গুৱাহাটী প্রাথমিক স্বাস্থ্য কেন্দ্র প্রতিষ্ঠাৰ ক্ষেত্ৰত তেখেতৰ অৱদান অতুলনীয়। তেখেতে উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ খেলপথাৰৰ বাবে ১৪ বিঘা ১ কঠা মাটি দান দি যায় আৰু ইয়াৰ উপৰিও তেওঁ উত্তৰ গুৱাহাটী প্রাথমিক স্বাস্থ্য কেন্দ্ৰটো প্রতিষ্ঠা কৰাৰ সময়তো মাটি দান কৰি সামাজিক দায়িত্বৰ প্ৰতি থকা দায়বদ্ধতাক তেওঁ প্রমাণ কৰি থৈ যায়।

উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুল, উত্তৰ গুৱাহাটী পাইকাৰী গ্রাহক সমবায় সমিতি, আনন্দৰাম বৰুৱা পুথিভঁৰাল ইত্যাদি বহুতো অনুষ্ঠান প্রতিষ্ঠা কৰাৰ লগতে তেখেত বহু বছৰ ধৰি এই অনুষ্ঠানসমূহৰ সভাপতি হৈ অনুষ্ঠানকেইটিক সজীবকৈ গঢ়ি তুলিছিল।

তেওঁ উত্তৰ গুৱাহাটী পাইকাৰী গ্রাহক সমবায় লিমিটেড প্রতিষ্ঠা কৰি ২৯-০১-১৯৭৩ তাৰিখৰ পৰা ০৮-০৯-১৯৭৬ তাৰিখলৈ সভাপতি পদ অলংকৃত কৰিছিল। তেওঁ ২২ বছৰ কাল ধৰি আউনী আটী কমলদেৱ হাইস্কুলৰ পৰিচালনা সমিতিৰ মেম্বাৰ হিচাপে কার্যনিাহ কৰি উক্ত শিক্ষানুষ্ঠানখনৰ উন্নতি কল্পে নানা পৰিকল্পনা আগবঢ়াইছিল।

তেওঁ উত্তৰ গুৱাহাটীৰ ইন্দ্রাচল পাহাৰত অবস্থিত অনাথ শিশুৰ আশ্রয়স্থল ‘শিশুগ্রাম’ প্রতিষ্ঠা কৰাত ওতঃপ্রোতভাবে জড়িত থকাৰ লগতে ইয়াৰ পৰিচালনা সমিতিৰ সভাপতিৰ গুৰু দায়িত্ব গ্রহণ কৰিছিল।

কলা-সংস্কৃতিৰ প্রতি থকা বৰুৱাৰ ৰাপৰ বাবেই ‘প্রাগজ্যোতিষপুৰ কলা পৰিষদ’ নামৰ অনুষ্ঠানটো প্রতিষ্ঠাৰ লগত জড়িত হৈ পৰি ইয়াৰ উন্নতিৰ হকে অহোপুৰুষার্থ কৰে । বৰুৱা আৰু তেওঁৰ সহকর্মীসকলৰ আশাসুধীয়া যত্নৰ ফলতেই ‘প্রাগজ্যোতিষপুৰ কলা পৰিষদ’ অসমৰ সাংস্কৃতিক জগতখনৰ এটা পৰিচিত নাম হৈ পৰিছিল। ।

প্রাগজ্যোতিষপুছাব কলা পৰিষদত অনুস্তিত কইবাখনো নাটকত তেও অভিনয় কৰিছিল । এই অনুষ্ঠানৰ সভাপতিৰ পদত তেখেত কেইবাবাৰো অধিষ্ঠিত হৈছিল আৰু জীৱনৰ শেষ কাল পর্যন্ত সেৱা আগবঢ়াইছিল।

উত্তৰ গুৱাহাটীৰ বাহিৰেও তেওঁ গুৱাহাটীৰ কেইবাটাও অনুষ্ঠান-প্রতিষ্ঠানৰ লগত জড়িত আছিল। উদয় নাথ বৰুৱা, অসম কো-অপাৰেটিভ ইউনিয়নৰ এজন প্রতিষ্ঠাতা আৰু ব’ৰ্ড অব ডিৰেক্টৰৰ এজন সদস্য আছিল । ইয়াৰ উপৰিও গুৱাহাটী ছাব ডিভিজনেল কো-অপাৰেটিভ ইউনিয়নৰ ভাইচ প্রেচিডেন্ট আৰু অসম ট্রেডিং কো-অপাৰেটিভৰ এজন ডিৰেক্টৰ হিচাপেও অতি দক্ষতাৰে কৰ্ম সম্পাদন কৰিছিল।

তেওঁ শিলঘাটৰ মৰাপাট কলৰ লগতো জড়িত আছিল।

ব্যক্তিগত জীৱন Personal Life

ব্যক্তিগত জীৱনত উদয় নাথ বৰুৱা এজন সুকচিসম্পন্ন, প্রগতিশীল চিন্তাধাৰাৰ আৰু নিয়মানুবর্তিতাত চলা মানুহ আছিল। বৰুৱাই নিজৰ ঘৰখনৰ লগতে তেওঁ জড়িত থকা প্রত্যেকটো অনুষ্ঠান-প্রতিষ্ঠানত একোখন বাগিছা আৰু বৃক্ষ ৰোপণ কৰিছিল। বাগিছা পতাটো আৰু বিভিন্ন ধৰণৰ বৃক্ষ ৰোপণ কৰাটো তেওঁৰ চখ আছিল।

কর্মব্যস্ততাৰ মাজতে পোৱা আজৰি সময়খিনি তেওঁ কিতাপ-পত্র আৰু দেশী-বিদেশী নানা ধৰণৰ আলোচনী অধ্যয়ন কৰি সময় অতিবাহিত কৰিছিল। তেওঁৰ সৰুকৈ হ’লেও এটা ব্যক্তিগত পুথিভঁৰাল আছিল। সাঁচিপাতৰ পুথিৰ পৰা ইংৰাজী ভাষাৰ বিভিন্ন পুথি তেওঁৰ এই ব্যক্তিগত সংগ্ৰহালয়ত স্থান পাইছিল।

ইয়াৰ উপৰিও ডেকাকালত বৰুৱাই চিকাৰ কৰি খুব ভাল পাইছিল। অসমৰ অটব্য অবণ্যৰ মাজত চিকাৰলৈ যোৱাৰ তেওঁৰ অসংখ্য কাহিনী আছে। ৮৫ বছৰ বয়সতো তেওঁ বন্দুক সুচাৰুৰূপে পৰিচালনা কৰিব পাৰিছিল। ইয়াৰ উদাহৰণ স্বৰূপে তেওঁ এবাৰ ঘৰৰ পিছফালে থকা জংঘলত ওলোৱা এডাল প্রায় ১৫ ফুট দীঘল ৰাজফেটী সাপ নিজৰ দুইনলীয়া বন্দুকেৰে গুলীয়াই মাৰি সকলোকে আচৰিত কৰি তুলিছিল।

সামৰিক বাহিনীত থকাৰ বাবেই হয়তো তেওঁ অদম্য সাহসৰ অধিকাৰী হৈ পৰিছিল। এবাৰ গুৱাহাটীৰ লাখটকীয়াত থকা হোলচেল কো-অপাৰেটিভত তেওঁ অকলে প্রায় ১৫-২০ জনীয়া বৃহৎ ডকাইতৰ দল এটিৰ লগত মোকাবিলা কৰি তেওঁৰ ব্যক্তিগত বন্দুকেৰে গুলীয়াই ডকাইত খেদি পঠিয়াইছিল।

সামৰণি Conclusion of Biography

নানা ঘাত-প্রতিঘাত, পাৰিবাৰিক দুর্যোগ আদিৰ মাজেদি আৰম্ভ কৰা উদয় নাথ বৰুৱাৰ জীৱন পৰিক্রমা সঁচাকৈয়ে এক বিচিত্ৰ ৰোমাঞ্চকৰ জীৱন কাহিনী। তেওঁ এজন অদম্য সাহসী, কষ্টসহিষ্ণু, কর্মদক্ষ, দুৰদর্শী, বহুমুখী প্রতিভাৰ বিৰল ব্যক্তিত্বৰ জননেতা হিচাপে সমাজত চাপ পেলাই যাবলৈ সক্ষম হৈছিল। জীৱনৰ বাটত সহজে হাৰ নমনা স্বভাৱৰ বৰুৱাই ১৯৮৬ চনৰ ২৮ ফেব্ৰুৱাৰীত ৮৭ বছৰ বয়সত নিয়তিৰ হাতত হাৰ মানি আমাৰ ওচৰৰ পৰা চিৰদিনলৈ বিদায় লৈ বৈকুণ্ঠগামী হয়। এইজন মহান কর্মযোগী ব্যক্তিৰ দেশসেৱা, ত্যাগ আৰু সমাজলৈ দেখুৱাই যোৱা বাট আমাৰ সকলোৰে বাবে আদর্শ আৰু অনুপ্ৰেৰণা স্বৰূপ।

Gauhati High Court Judicial Complex at Rangamahal

Gauhati High Court Judicial Complex at Rangamahal, North Guwahati, Assam Assam marked a major milestone in judicial infrastructure development. Authorities inaugurated the new Gauhati High Court Judicial Complex at Rangamahal, North Guwahati, on Sunday. The…

Keep reading

Epstein Files Explained in Assamese

Epstein Files: ক্ষমতা, নীৰৱতা আৰু ন্যায়—বিশ্বক কঁপোৱা এখন নথিপত্ৰৰ কাহিনী এপষ্টিন ফাইলছ বুলিলে জেফ্ৰি এপষ্টিন নামৰ এজন আমেৰিকান ধনী বিত্তীয় ব্যৱসায়ীৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহক বুজোৱা হয়। এই নথিপত্ৰসমূহত আদালতৰ কাগজ-পত্ৰ, ব্যক্তিগত বিমানৰ যাত্ৰাৰ তালিকা,…

Keep reading

Rangmahal North Guwahati: Complete Information

Rangmahal North Guwahati: A Growing Hub of Heritage and Development.ৰংমহল উত্তৰ গুৱাহাটী. Rangmahal (Rongmahal), on the north bank of the Brahmaputra River in North Guwahati, Assam, blends heritage with modern growth. This rural locality attracts…

Keep reading

Something went wrong. Please refresh the page and/or try again.

Leave a Reply

Your email address will not be published. Required fields are marked *

Trending

Discover more from The Wikipedia of North Guwahati

Subscribe now to keep reading and get access to the full archive.

Continue reading