A Brief History of Baruah Dynasty. Download the complete Book on Baruah’s Family History in PDF. Kayastha Cast of Assam. Complete Family Tree and Genealogy of great families of Assam.

History of the Kayastha Baruah Dynesty in Assam , India

কাণ্ডাৰ বা কঢ়াল বৰুৱা বংশৰ সংক্ষিপ্ত বিৱৰণি ।

প্রথম পৰিচ্ছেদ ।

ভাৰতবৰ্ষৰ উত্তৰপূৱ কোণত অৱস্থিত আমাৰ এই অসম প্রদেশখন মহাকাব্য যুগৰো আগৰেপৰা বীৰ-প্ৰসৱিনী স্বৰূপে জনাজাত । ইয়াতেই মহাপ্রতাপী নৰকাসুৰ, ভগদত্ত, বান, ঘটোৎকচ, বব্ৰুবাহন, কক্স আদি মহাৰ্থীগণে জন্ম লাভ কৰিছিল । এই সুজলা সুফলা অসম ৰাজ্যৰ ইতিহাস বীৰ-বীৰাঙ্গণাৰ কাহিনীৰে ভৰপুৰ।

আহোম যুগত মুছলমান- সকলে সমগ্ৰ ভাৰতকে শাসনাধীন কৰাৰ প্ৰয়াসত অপাৰ সৈন্য-সামন্ত লৈ পুনঃ পুনঃ আক্রমণ চলায়ো ইয়াত ৰাজ্য স্থাপন কৰাত কৃতকাৰ্য্য হব নোৱাৰিলে। সেই যুগৰ বুৰঞ্জী প্ৰখ্যাত বীৰ চিলাৰায়, মূলা গাভৰু, মনথিৰ, লাচিত, পূৰ্ণানন্দই বহিৰাক্ৰমণকাৰীগণক কম্পমান ত্ৰস্তমান কৰি পঠাইছিল । শ্ৰীমন্ত শঙ্কৰ, মাধৱ, দামোদৰ, হৰিদেৱ, ভট্টদেৱ, বংশীগোপাল প্রভৃতি ধৰ্ম্মগুৰুসকলে সনাতন বৈষ্ণৱ ধৰ্ম্মৰ জয়ডঙ্কাৰে হিন্দুধৰ্ম্মৰ গৌৰৱ প্ৰচাৰি অক্ষয় কীৰ্ত্তিৰ দৌল বান্ধি থৈ গৈছে ।

কামৰূপ

ইতিপূৰ্ব্বেহে নালাগে বৰ্ত্তমান কালতো বঙ্গ আৰু বিহাৰৰ গাঁৱলীয়া লোক-সমাজৰ এনে এটি বিশ্বাস বদ্ধমূল হৈ আছে যে কামৰূপলৈ কোনো লোক আহিলে এই দেশৰ মানুহে মন্ত্ৰ বলেৰে ভেৰা কৰি ৰাখে ৷ ইয়াৰ তাৎপর্য্য বোধহয় এয়ে যে আমাৰ অসম এখন অনুপম দেশ; ইয়াৰ নিবাসী লোকসমূহ অতীব সৰল আৰু কোনো আশ্রয় প্রার্থীক কেতিয়াও বিমুখ নকৰে; ইয়াৰ বিভিন্ন স্থানত অৱস্থিত পৰ্ব্বত, পাহাৰ, নদ-নদী, বন-উপবনগুহা-গহ্বৰ আদিব প্রাকৃতিক দৃশ্যাৱলী অতি মনোৰম আৰু জলবায়ু অতিশয় স্নিগ্ধকৰ । ইয়াৰ মাটি অত্যন্ত উৰ্ব্বৰা আৰু প্ৰায় সকলো খেতিৰ উপযোগী । প্রকৃতি দেৱীৰ অৱদানত বনজাত নানা শ্ৰেণীৰ শাক-পাচলি আৰু ফলমূল আদি সম্পদৰাজিৰ অক্ষয় ভড়াল স্বৰূপ । ঋষি-মুনিসকলৰ কাম্য এই শস্য শ্যামলা দেশখন, বিশেষকৈ কামৰূপ জিলাখন দেৱ-দেৱীৰ মন্দিৰেৰে পৰিপূৰ্ণ ইত্যাদি কাৰণতে কোনো লোক এই দেশলৈ আহিলে, ইয়াৰ পাৰিপাশ্বিক অৱস্থাত মুগ্ধ হৈ উলটি যাবলৈ ইচ্ছা নকৰে। এনেবোৰ কাৰণতে সুদূৰ অযোধ্যা আদি প্ৰদেশৰপৰা পুৰণি কালত কোনো কোনো ফৈদৰ লোক সময়ে সময়ে আহি ইয়াত স্থায়ীভাৱে বাসস্থান লৈছিল হি ।

আহোম যুগ

আহোম যুগত এইদৰে কিছুমান সম্ভ্ৰান্ত আৰু প্ৰসিদ্ধ বংশৰ আদি পুৰুষসকল কোন সময়ত কেনেকৈ আহি কি কাৰ্য্যত নিয়োজিত হৈ ইয়াত বসতিস্থান লাভ কৰিছিল তাৰ আভাস আৰু কোনো কোনো ক্ষেত্ৰত চমু ‘বৃত্তান্ত অথবা বিশদ বিবৰণো সাঁচিপতীয়া পুৰণি পুথি, পেৰাকাকত আৰু নানাজন প্রণিত অসম বুৰঞ্জীবোৰৰ পাত লুটিয়ালে পোৱা যায় । এনেবোৰ বংশৰ সুখ্যাতি সম্পন্ন পূৰ্ব্বপুৰুষসকলৰ শক্তি-সামৰ্থ্য আৰু কাৰ্য্যকলাপৰ বিৱৰণ পঢ়ি পৰবৰ্ত্তী বংশধৰগণে কেৱল যে গৌৰৱেই অনুভৱ কৰে এনে নহয়, বংশৰ সুনাম উজ্জ্বল কৰি ৰাখিবলৈ তেওঁলোকৰ এটা স্বত: প্রবৃত্তিও জন্মে আৰু নিজ নিজ কৰ্ম্মক্ষেত্ৰত সাহসেৰে আগবাঢ়ি যাবলৈ উদ্দিপনাও পায়। দ্বিতীয়তে অন্যান্য ফৈদৰ লোকসকলেও বংশ গৌৰৱ বৃদ্ধি কৰা পথত এই আদর্শবোৰৰপৰা অনুপ্রাণিত হয় । এনেবোৰ কাৰণতে কীৰ্ত্তিমন্ত লোকসকলৰ বংশাৱলী আৰু ইতিবৃত্তবোৰ বিস্মৃতিৰ গৰ্ভত লুপ্ত হবলৈ নিদি লোক-সমাজত সুকীয়া সুকীয়াকৈ প্ৰকাশ হোৱাটো নিতান্ত বাঞ্ছনীয়।

Thrilling historical background of Baruah Family

পিঙ্গল গোত্রীয় কাণ্ডাৰ বা কঢ়াল বৰুৱা

কুল কায়স্থ গোত্র পিঙ্গল

এই বংশটোৰ আদি বৃতান্ত সম্বন্ধে পোৱা যায় :- “অসমৰ খোৰা ৰজাৰে বঙ্গালৰে ভৈৰবাত যুদ্ধ হোৱাত সেই ফৌজৰ লগত অহা কনৌজৰপৰা জন্মিজয় নবাব কুল কায়স্থ গোত্র পিঙ্গল। বঙ্গালে স্ব যুদ্ধত জয় হৈ অনেক প্রাণী মাৰিলে । অসমৰ ফালৰ অনেক লোক ধৰি নিলে। পাছে সেই লোকক নবাবে ফিকিৰ কৰি পলুৱাই অসমৰ ফাল কৰিলে।

ৰজায় বিশ্বাস পাই নবাবলৈ পত্র সন্দেশ পঠাই ৰজাৰ ফাল কৰিলে । নবাবেও বঙ্গালৰ লগ এৰি অসমৰ ফালে থাকিল। ৰজাই নবাৰক উত্তবৰ ভোগবাৰীতে বাৰি মাটি দি তিৰুতা বিয়া কৰাই দিলে । নবাবো কনৌজে নগৈ অসমতে থাকিল । তেওঁৰ লগত ছোট ভাতৃ বিজয়া নামে ৰান্ধনী আছিল । তেওঁকো তিৰুতা বিবাহ কৰাই দি ৰাখিলে । নবাৰৰ ঔৰষে এটা পুত্ৰ হয় । তেওঁৰ জগন্নাথ নাম থলে। তেওঁক দুই ভাৰ্য্যা বিবাহ কৰাই দিলে । দুই ভাৰ্য্যাত দুই পুত্র হল । ৰজনীৰ পুত্ৰ সঞ্জয় সৰুজনীৰ পুত্ৰ ধনঞ্জয় নাম থলে । নবাবৰ ভোগৰাবীতে মৃত্যু হল। পাছে অসমে বঙ্গালক খেদি ৰটা নদীতে সীমা কৰিলে । তাতে জগন্নাথক বৰুৱা পাতি থলে। সঞ্জয়ক বৰঘৰীয়া, ধনঞ্জয়ক সৰুঘৰীয়া বোলে । জয়ধ্বজ ও চক্রধ্বজ ৰজাৰ দিনত সৰুজনা ফুকনে বঙ্গালক যুদ্ধত পৰাস্ত কৰি মানাহ নদীতে সীমা কৰিলে । পুনচ ফুকনে ৰজালৈ জনাই বৰুৱাক বঁটা দি লগত তিনি কুৰি মানুহ, হিলৈ, বৰ্ষা, বহু কাৰ ও দা আহিল৷ দি সীমাতে থলে । পাছে মোমাই তামুলীয়ে দেশ পতাত বৰুৱাকো খেল দিলে। বিজয়া ডেকাক সৰুফলীয়া উজনীলৈ নিলে বড়বৰুৱাৰ লগত খাটনি দিলে । সঞ্জয়কো গৌহাটীতে বড়ফুকনৰ লগত খাটনি দিলে ।

ডাঙৰ ফালৰ হৰিনাৰায়ণ সৰু ফালৰ মোহন, এই দুইজনৰ দিনত ঔষচ এক পক্ষ আছিল। পাছে দুই ফালৰ পৰিয়াল সৰহ হলত ভেৰণীয়া বৰুৱাৰ দিনত অজলা বৰুৱাই গুৱাল বৰুৱাৰ জীয়েকক অনাত ঔষচ গুছালে। আমগুৰীয়া আমাৰ বংশৰ নহৰ। কেৱল সগোত্রী। পূর্ব্বে তামুলী ৰান্ধনী আছিল । দক্ষিণপাটৰ বিষ্ণুদেৱ গোস্বামীৰ দিনত এই ফালৰ ডাঙ্গৰীয়াসকল গোটখাই বিচাৰ কৰাত সমন্ধ নাপালে। আৰু আগৰ ঘৰ ধেকোধৰপৰা আমাৰ লগত কোনো সম্বন্ধ নাই। দুই ফালৰ সম্পূৰ্ণৰূপ পুৰুষৰ নাম লিখা এখন বংশাৱলী আছিল। কিন্তু এজনে কছাৰিপাৰলৈ নি হেৰুৱালে।


Genealogy Book of Baruah Family

"Kaandaar Ba Karhoaal Baruah Bongshar Sangkhipta Biborani "  কাণ্ডাৰ বা কঢ়াল বৰুৱা বংশৰ সংক্ষিপ্ত বিৱৰণি ।- A book composed by Chandra Kumar Baruah and Published by Uday Nath Baruah of North Guwahati, Silsakoo, Assam in 1964. Printed at Labanaya Press, Uzanbazar,Guwahati.

This book is about Tracing Ancestry, Family History & Lineage of Baruah Family of Assam and its thrilling historical background (ৰোমাঞ্চকৰ ঐতিহাসিক পটভূমি).

It is the digital version of that ancient Genealogy Book of Baruah Family written in Assamese Language.

A Brief History of Baruah Dynasty

1st-Page-of-Baruah-Family-Tree-Book
2nd-Page-of-Genealogy-Book-of-Baruah-Dynesty-of-Assam

Download the Family History of Baruah’s of Assam


Tags related to the Baruah Dynasty Family Tree


Read Next


Mythology and History of North Guwahati Assam

North Guwahati: Mythology, History, Heritage

North Guwahati Heritage Town of Assam. हेरिटेज टाउन नॉर्थ गुवाहाटी. Ancient History and Mythology of North Guwahati. Mythology and History of North Guwahati Mythological Importance The mythological importance of North Guwahati is linked to the…

Keep reading
Maharaja King Prithu of ancient Kamrup, Assam

Maharaja Prithu of Kamarupa and the Defence of Assam

Maharaja Prithu of Kamarupa and the Defence of Assam. History of the ancient Kampupa Kingdom of Assam. Battlefield of North Guwahati and its historical importance.মহাৰাজ পৃথু আৰু কামৰূপ ৰাজ্যৰ ৰক্ষা মহাৰাজ পৃথু প্ৰাচীন কামৰূপ ৰাজ্যৰ…

Keep reading
গড়গাঁও পৰ্যটনস্থলী শিৱসাগৰ অসম

Tourist Place Sivsagar – Karang Ghar – Complete Travel Guide

Tourist Place Sivsagar – Karang Ghar, also known as Gargaon Ahom Palace. Historical monuments of Assam. আহোম ৰাজাৰ প্ৰাসাদ , কাৰেং ঘৰ,গড়গাঁও অসম Complete Travel Guide to Assam’s Royal Ahom Heritage If you are planning…

Keep reading
Assam’s Crucial Role in World War II

Second World War and Assam History for UPSC

Second World War and Assam History for UPSC. Assam’s Crucial Role in World War II and India’s Fight for Independence, দ্বিতীয় বিশ্বযুদ্ধ আৰু ভাৰতৰ স্বাধীনতাৰ যুঁজত অসমৰ গুৰুত্বপূৰ্ণ ভূমিকা.History of Assam. Assam, a key region…

Keep reading

Leave a Reply

Your email address will not be published. Required fields are marked *

Trending

Discover more from Your Digital Gateway to North Guwahati

Subscribe now to keep reading and get access to the full archive.

Continue reading