পৰীক্ষাৰ মূল্যায়ণ আৰু গ্ৰেডীং পদ্ধতিৰ  বিশ্লেষণ-শ্যামলেন্দ্র নাথ বৰুৱা  Analysis of examination test evaluation and grading systems in Undergarduate and Post Grraduate Programs in India.

পৰীক্ষাৰ মূল্যায়ণ আৰু গ্ৰেডীং পদ্ধতিৰ  বিশ্লেষণ
পৰীক্ষাৰ মূল্যায়ণ আৰু গ্ৰেডীং পদ্ধতিৰ  বিশ্লেষণ

বিশ্লেষণ


পৰীক্ষাৰ মূল্যায়ণ কৰা হয় Marks ত । এই Marks system-ত কৰা মূল্যায়ণ পদ্ধতিত কিছুমান আসোঁৱাহ দেখা যায় আৰু সেইবোৰ হ’ল-  
Marks system-ত কৰা মূল্যায়ণ পদ্ধতিত সাধাৰণতে দেখা যায় Literacy subject বোৰত 100 out of 100 নাপায় বা তুলনামূলক ভাবে কম Marks পায়। কিন্তু science-ৰ subject বোৰত যেনে Maths, Physics আদিত 100 out of 100 পোৱাটো সম্ভব। গতিকে science-ৰ ছাত্ৰ-ছাত্ৰীসকলে first class কে আদি কৰি distinction আদি অতি সহজে লাভ কৰিব পাৰে যদিও বাকী stream বোৰৰ ছাত্ৰ-ছাত্ৰীসকলে এইকন সুবিধাৰ পৰা বঞ্চিত হয়।  

Marks system-ত কৰা মূল্যায়ণ পদ্ধতিত আমি ছাত্র-ছাত্রীসকলক 1st class, 2nd class আৰু 3rd class-ত শ্রেণী বিভক্ত কৰো। এই শ্রেণীবিভক্ত পদ্ধতিটোৱে ছাত্ৰ-ছাত্ৰীসকলৰ মেধা-শক্তিৰ প্ৰকৃত মূল্যায়ণ কৰা দেখা নাযায়। ধৰা হ’ল, এজন ছাত্র বা ছাত্রীয়ে 59% পাই 2nd class পালে আৰু আন এজন ছাত্র বা ছাত্রীয়ে 60% পাই first class পালে। এই boundary-ত থকা 59% পোৱা ছাত্র বা ছাত্ৰী গৰাকীৰ মেধা শক্তিটো, 60% পোৱা ছাত্র বা ছাত্ৰী গৰাকীত কৈ কোনো গুণে কম নহয়। এই পদ্ধতিটোৱে stu-dent-ৰ মাজত শ্ৰেণী বিভাজন কৰাৰ লগতে অনাহক মানসিক চাপৰ সৃষ্টি কৰে।  


বছৰৰ মূৰত অনুষ্ঠিত হোৱা এটা মাত্ৰ পৰীক্ষাৰ দ্বাৰা এজন student-ৰ মেধা শক্তিৰ প্রকৃত মূল্যায়ণ কৰাটো কোনো মতেই সম্ভব নহয়। 3 ঘণ্টাৰ এটা পৰীক্ষাৰ দিবলৈ যাওতে এজন student-ৰ ওপৰত বহু কাৰকে ক্রিয়া কৰে। গতিকে বহু মেধাবী student-য়েও কেতিয়াবা ইয়াত ভাল Marks obtain কৰিব নোৱাৰিবও পাৰে। কিন্তু তেওঁৰ এই পৰীক্ষাৰ Marks য়ে career আৰু ভবিষ্যত জীৱনৰ ওপৰত গুৰুত্বৰ প্ৰভাব পেলাব।  


নম্বৰ পদ্ধতিৰ আন এটা আসোৱাঁহ হ’ল বহীৰ evaluation সম্পৰ্কত। আমাৰ ইয়াত যিহেতু পৰীক্ষাৰ্থীৰ সংখ্যা অত্যাধিক গতিকে এই পৰীক্ষা বহীবোৰ evaluation কৰাৰ বাবে বহুসংখ্যক examinerৰ প্ৰয়োজন হয়। যিহেতু প্রত্যেকজন examinerৰে বোধশক্তি, চিন্তা চর্চা বেলেগ বেলেগ গতিকে তেওঁলোকে প্ৰদান কৰা নম্বৰসমূহো বেলেগ বেলেগ  হোৱাটো স্বাভাবিক। গতিকে দেখা যায় যে student এজনে obtain কৰা marks টো আচলতে বহু পৰিমাণে তেওঁৰ ভাগ্যৰ ওপৰতো নিৰ্ভৰ কৰে।

 
ওপৰোক্ত আসোৱাঁহটো কিছু পৰিমাণে লাঘব কৰিব বাবে head examiner, scrutinizer আদিৰ ব্যৱস্থা কৰা দেখা যায় যদিও কিন্তু কার্য্যক্ষেত্রত কিমানখিনি সফল হৈছে তাক কোৱাটো টান।  

সমাধান


ওপৰত উল্লেখ কৰা এই মূল সমস্যা কেইটা সমাধান কৰিবলৈ হ’লে আমি grading and credit লৈ আহিব লাগিব। প্রথমতে আমি credit নোকি তাক ভালদৰে বুজি লব লাগিব। UGC য়ে দিয়া definition মতে credit point মানে student এজনৰ কোনো এটা Program-ৰ এখন paper-workload । 1 credit is equal to 1 hour of learning per weak. অর্থাৎ কোনো এখন particular paper-ৰ যদি credit point 6 হয় তেন্তে সেই paper খন student এজনক এটা Semester ত 06x 15=90 ঘণ্টা সময়ত পঢ়ুৱাই শেষ কৰিব পাৰিব লাগিব। (15 weak in a semester) 
এটা semester-ত total credit 30ৰ পৰা 35ৰ ভিতৰত হ’ব লাগে। যদি total credit 30 বুলি ধৰি লোৱা হয় তেন্তে 30×15=450 hours class হ’ব লাগিব per academic session.  

Grading and Credit system


Grading and credit system-ৰ মূল মন্ত্ৰটো হৈছে continious evaluation. গতিকে student এজনৰ internal marks য়ে ইয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। Internal marks খিনি আহে group discussion, unit test, viva আদিৰ পৰা। এই continious evaluation ৰ দ্বাৰা আগতে কৈ অহাৰ দৰে এটা মাত্ৰ পৰীক্ষা পাতি student এজনৰ মেধাশক্তি পৰীক্ষা কৰাত থকা বাধাখিনি আঁতৰাব পৰা যাব। গতিকে এই পদ্ধতিটোৰ পূৰ্ণ সুবিধাখিনি student জনে পাবলৈ হ’লে internal marks 60% আৰু end semester exam marks 40% হোৱাটো খুবেই জৰুৰী।

Relative and Absolute Grading

 
গ্রেডিং পদ্ধতিটো দুটা ধৰণে কৰিব পৰা যায় এটা হ’ল Relative percentile আৰু আনটো হ’ল- Absolute grading.  
প্রথমে উল্লেখ কৰা arts, science, commerce আদি stream বোৰৰ মাজত থকা অসমতাখিনি দূৰ কৰিবৰ কাৰণে relative percentile-ৰ প্ৰয়োগ কৰা যায়। Relative percentile উলিওৱা formula টো হৈছে।  
Relative percentile=100/highest marks actual marks.  


এই relative percentile concept টো আহিছে fuzzy set concept ৰ পৰা। পুৰণি crisp set-ৰ শ্ৰেণী বিভাজনৰ ধাৰণাটো ই সমূলি নোহোৱা কৰিব বিচাৰিছে। যদি আমি  ইয়াত student এজনে পোৱা নম্বৰৰ কথা ধৰি লও আৰু তাৰ ওপৰত ভিত্তি কৰি তেওঁৰ মেধাশক্তি জোখো তেন্তে তেওঁক কোনো class বা division ত নেপেলাওঁ। তেওঁক। compair কৰা হ’ব সেই paper খনত পোৱা highest number টোৰ লগত।

যদি এখন paper highest নম্বৰ কোনোৱাই 80 পাইছিল তেন্তে 100/80=1.25 এটা factor ওলাব। এতিয়া যদি 80ৰ লগত 1.25 য়েদি পূৰণ কৰে তেন্তে 100 পাব। অর্থাৎ এইবাৰৰ পৰীক্ষাৰ সৰ্বোচ্চ নম্বৰ পোৱাজনৰ লগত সেইখন paper-ৰ আনসকল পৰীক্ষাৰ্থীৰ তুলনামূলক মূল্যায়ণ কৰা হ’ব। মন কৰিলে দেখিব যে এই পদ্ধতিটোত paper খনৰ মুঠ নম্বৰ কিমান হ’ব তাৰ  ওপৰত পৰীক্ষাৰ্থীৰ মূল্যায়ন জড়িত নহয়। তেওঁলোকৰ মূল্যায়ন জড়িত হয় তেওঁলোকৰ paper খনৰ weight বা credit কিমান তাৰ ওপৰতহে।  

পৰীক্ষাৰ মূল্যায়ণ আৰু গ্ৰেডীং – ত 10 point scale

গ্রেডিং পদ্ধতিত আমি student সকলৰ মেধাৰ পৰিমাণখিনিৰ 10 point scale-ত গণনা কৰো।  

Range of MarksGrade PointLetter Grade
90 and Above10O
80 to 899A+
70 to 798A
60 to 697B+
50 to 596B
40 to 495C+
30 to 394C
0 to 290F

যিহেতু PG বা UG-ৰ সকলোবোৰ subject ৰ paper বিলাকৰ maximum marks একে নহয়, গতিকে relative percentile বা আপেক্ষিক percentile ব্যৱহাৰ কৰি সকলোকে homogeneous বা সমসত্ব ৰূপত প্ৰতিষ্ঠা কৰি লোৱা হয়।

এটা উদাহৰণৰ দ্বাৰা বুজাব চেষ্টা কৰিছো।

ধৰা হ’ল- geography ৰ 1.1 paper এখনৰ মুঠ নম্বৰ 50। এজন student য়ে score কৰিলে 40। আনহাতে সেইখন paper-ৰ Highest marks পাইছিল 45।  
গতিকে relative percentile মতে যদি গণনা কৰো তেন্তে-  
R=100/45×40  
=2.22×40  
=88.8  
গতিকে তালিকাত দিয়া grade point অনুসৰি student জনৰ score হ’ব  
9 = A+  

পৰীক্ষাৰ মূল্যায়ণ আৰু গ্ৰেডীং – ত GPA বা CGPA -ৰ ভূমিকা

আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল যে relative percentile প্রয়োগ কৰি প্ৰস্তুত কৰা grade sheet-ত কেতিয়াও ছাত্র বা ছাত্ৰী গৰাকীয়ে পোৱা নম্বৰখিনি display কৰিব নোৱাৰে। যদি display কৰে তেন্তে grading পদ্ধতিৰ মূল মন্ত্ৰটোৱে অসাৰ হৈ পৰিব। ইয়াৰ উপৰিও সমাজত ইয়াৰ নেতিবাচক প্রভাব পৰাটো একেবাৰে খাতাং। অলপ মনকৰিলেই ইয়াৰ কাৰণখিনি বোধগম্য হ’ব।

আমি আগতে দিয়া উদাহৰণ দুটাত দেখিব 56 পাই A grade পাইছে। যদি নম্বৰ তালিকাত grade আৰু marks দুয়োটাই প্রদর্শন কৰা যে অসমীয়াত 100 ভিতৰত 45 পাই A Grade পাইছে আকৌ physic-ত 75-ৰ ভিতৰত হয় তেন্তে ইয়াৰ পৰা student আৰু তেওঁলোকৰ অভিভাবক সকল বিভ্রান্ত হোৱাটো স্বাভাবিক।  


ইয়াৰ উপৰিও grading system-ত উলিওৱা GPA বা CGPA ৰ পৰা marks system percentage উলিওৱা কোনো formula থাকিব নোৱাৰে। marks ৰ concept-টো নোহোৱা কৰিবলৈহে grading system টো অনা হৈছে, গতি grading -ৰ পৰা পুনৰ marks লৈ পৰিবৰ্তন কৰাৰ কোনো যুক্তিয়েই থাকিব নোৱাৰে।  

Relative Grading পদ্ধতিত থকা আসোঁৱাহ সমূহঃ


Relative percentile পদ্ধতিৰ যেনেদৰে সুবিধা আছে সেইদৰে ইয়াৰ কিছু Minor shortcoming ও আছে। যিহেতু relative percentile system-ত আপেক্ষিকভাবে এজন student group টো highest marks পোৱা student এজনতকৈ কিমান মেধা সেইটো নিৰূপন কৰা হয় গতিকে group টোৰ student-ৰ সংখ্যা যদি 1 বা 2 হয় তেন্তেই আশানুরূপ result দিব নোৱাৰে। সাধাৰণতে সৰু সৰু PG-ৰ Exam বোৰত এই সমস্যাটোরে দেখা দিয়ে। যদি group টোত student এজনেই থাকে তেন্তে তেওঁ পোৱা নম্বৰটোৱেই high-est নম্বৰ হ’ব আৰু relative percentile formula মতে তেওঁ 10 point পাবই। যেনে এজন student য়ে 100 ভিতৰত 32 পালে। গতিকে  
 
100/32×32  
= 100 =10 point = A-Grade  
100ৰ ভিতৰত 32 পাই A-Grade টো তেওঁ পোৱাটো জানো সমীচিন হৈছে?  

এনেকুৱা repeat বা arrear back ৰ student ৰ ক্ষেত্রত য’ত group টোত ছাত্র-ছাত্ৰীৰ সংখ্যা 10 বা তাতকৈ কম, তেনেক্ষেত্রত absolute grading ব্যৱহাৰ কৰাৰ বাহিৰে আন উপায়  নাই ।



Epstein Files Explained in Assamese

Epstein Files: ক্ষমতা, নীৰৱতা আৰু ন্যায়—বিশ্বক কঁপোৱা এখন নথিপত্ৰৰ কাহিনী এপষ্টিন ফাইলছ বুলিলে জেফ্ৰি এপষ্টিন নামৰ এজন আমেৰিকান ধনী বিত্তীয় ব্যৱসায়ীৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহক বুজোৱা হয়। এই নথিপত্ৰসমূহত আদালতৰ কাগজ-পত্ৰ, ব্যক্তিগত বিমানৰ যাত্ৰাৰ তালিকা,…

Keep reading

Designing a standard question paper

Designing a standard question paper for an undergraduate-level program using Bloom’s Taxonomy involves structuring questions to assess different cognitive levels, from basic recall to higher-order thinking skills. Below is a sample template for a question paper based on Bloom’s…

Keep reading

Biography of Uday Nath Baruah of North Guwahati Assam

Biography of Uday Nath Baruah. North Guwahati Silsakoo.কর্মযোগী উদয় নাথ বৰুৱাৰ জীৱনী লিখক : শ্যামলেন্দ্ৰ নাথ বৰুৱা জন্ম আৰু পৰিয়াল Birth and Family উদয় নাথ বৰুৱাৰ জন্ম হৈছিল ১৮৯৯ চনৰ ২৪ ছেপ্টেম্বৰ তাৰিখে সেই সময়ৰ…

Keep reading

System Administrator in Government Organizations

System Administrator in Government Organizations. The Boss of IT Department In today’s rapidly advancing digital age, government organizations rely heavily on IT infrastructure to maintain operations, enhance services, and secure sensitive information. At the heart…

Keep reading

Trending

Discover more from The Wikipedia of North Guwahati

Subscribe now to keep reading and get access to the full archive.

Continue reading