History of Pragjyotishpur Kala Parishad
The oldest socio-cultural organization in the North Guwahati area is Pragjyotish Pur Kala Parishad. Previously known as “Uttar Guwahati Natya Samiti,” it was established on 14th October 1925. In 1953, it underwent a renaming as “Pragjyotishpur Kala Parashir” and was registered under the government of Assam with registration number 25 of 1964-65. The primary objective of promoting and safeguarding the unique cultural and literary heritage of North Guwahati is pursued by this organization.

প্ৰাগজ্যোতিষপুৰ কলা পৰিষদ উত্তৰ গুৱাহাটী
The sister concerns of this public organization include Anandaram Borooah Library, Nabinchandra Bhaban, Lakhiram Natya Mandir, and Madhab Mandir.

উত্তৰ গুৱাহাটী নাট্য সমিতিৰ চমু বুৰঞ্জী
একে দিনে বা একে বছৰতে কোনো ৰাজহুৱা অনুষ্ঠান গঢ়ি নুঠে । উত্তৰ গুৱাহাটী নাট্য সমিতিও এই নিয়মৰ বাহি ৰত নহয় এই মহৎ আৰু পৱিত্ৰ অনুষ্ঠানটিৰ বুৰঞ্জী হল ক্রেম বিকাশৰ বুৰঞ্জী । ইং ১৯২৫ চনৰ ১৯ অক্টোবৰ তাৰিখে
১। ৺দেবেন্দ্ৰকুমাৰ বৰুৱা
২। শ্ৰীযুত অন্নৰাম বৰুৱা
৩৷ শ্ৰীযুত চন্দ্ৰকুমাৰ বৰুৱা
৪। শ্ৰীযুত ডম্বৰুধৰ বৰুবা
৫। শ্রীযুত শিৱ প্রসাদ হাজৰিকা
৬। শ্ৰীযুত উদয়নাথ বৰুৱা
৭। শ্ৰীযুত দেবেন্দ্ৰনাথ বৰদলৈ
৮। সূৰ্য্যকান্ত শৰ্ম্মা বৰুৱা
৯। পদ্মধৰ শইকীয়া ।
এই নওজন লোকে গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰৰ পৰা চিন-পর্দা আংশিক মূল্য দি আৰু আংশিক মূল্য ব্যক্তিগত ঋণ হিচাৰে গ্ৰহণ কৰি উত্তৰ গুৱাহাটী নাট্য সমিতিৰ বুৰঞ্জীৰ প্রথম পাতখিলা ৰচনা কৰে। উত্তৰ গুৱাহাটীৰ অধি বাসীসকলৰ পক্ষে সেই পৱিত্ৰ দিনটো এটি স্মৰণীয় দিন । কিছুদিনৰ পিছত শ্ৰীযুত প্রফুল্লচন্দ্ৰ বৰুৱাদেৱে যোগদান কৰেহি । সেই বছৰৰ অক্টোবৰৰ ২১ তাৰিখে নাট্য সমিতিৰ জন্মদাত। নওজন সভ্যৰে এখন কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয় আৰু সমিতিৰ নাম অনুষ্ঠানিকভাৱে উত্তৰ গুৱাহাটী নাট্য সমিতি ৰখা হয়।
এই সভাত দেবেন্দ্ৰকুমাৰ বৰুৱাক স্থায়ী সভাপতি আৰু শ্ৰীযুত অন্ন ৰাম বৰুৱাক এবছৰব কাৰণে সম্পাদক পদত নিযুক্ত কৰা হয়। পিচৰ বছৰত শ্ৰীযুত চন্দ্রকুমাৰ বৰুৱাদেৱে সম্পাদকৰ ভাৰ গ্ৰহণ কৰে। তাৰ পিছৰ কাল ছোৱাত আনন্দেশ্বৰ গোস্বামী আৰু শ্ৰীযুত উদয় নাথ বৰুৱাই ক্রমান্বয়ে ১৯৩১ চনলৈকে সম্পাদকৰ কাৰ্য্য চলাইছিল ।
অস্থায়ী ভাৱে ৰঙ্গমঞ্চ সাজি ৰাইজক অভিনয় দেখুৱাই আনন্দ দিবলৈ সাধ্যানুসৰি চেষ্টা আৰু যত্ন কৰা হৈছিল । তেতিয়া উত্তৰ গুৱাহাটী নাট্য সমিতি এটি অনাথ সন্তানৰ নিচিনা আছিল । নিগাজি ঘৰমাটি নাছিল । ১৯৩১ চনৰ পিছত শ্ৰীযুত চন্দ্ৰকুমাৰ বৰুৱাই সভাপতিৰ আৰু শ্ৰীযুত ডম্বৰুধৰ বৰুৱাই সম্পাদকৰ ভাৰ গ্ৰহণ কৰে ।
স্থায়ী মাটি আৰু ঘৰৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰা হৈছিল; কিন্তু ধনৰ অভাৱত নাট্য সমিতিৰ গুৰি ধৰোতাসকলে মনৰ আশা মনতে মাৰ নিয়াবলৈ বাধ্য হৈছিল । ১৯৩২ চনৰ ১০ অক্টোবৰলৈকে চিন-পৰ্দাৰ দিবলগীয়া টকাৰ দায়িত্ব আছিল নাট্য সমিতিৰ ওপৰোক্ত ন জন প্রতিষ্ঠাতাৰ ওপৰতেই ।
কৰ্ম্মবীৰ নবীনচন্দ্ৰ বৰদলৈদেৱে মাটি এডোখৰ দান স্বৰূপে দিয়ে
কমিটিৰ তৰফৰ পৰা মাটি এডোখৰ দান স্বৰূপে পাৰলৈ বহুতৰে ওচৰ চপা হৈছিল। অৱশেষত আমাৰ কৃতি সন্তান কৰ্ম্মবীৰ নবীনচন্দ্ৰ বৰদলৈদেৱে ৺যোগেন্দ্ৰনাথ বৰুৱা বি-এস দেৱ শ্ৰীযুত উদয়নাথ বৰুৱা, শ্ৰীযুত চন্দ্ৰকুমাৰ বৰুৱা, শ্ৰীযুত শম্ভুৰাম বৰুৱা আদিৰ যত্ন আৰু ধৈৰ্যাৰ ফলত উত্তৰ গুৱাহাটী নাট্য সমিতি, আৰু মাধৱ মন্দিৰ ( উত্তৰ গুৱাহাটীৰ ৰাইজে সজা কৰ্ম্মবীৰ নবীনচন্দ্ৰ বৰদলৈদেৱৰ পিতৃদেৱৰ স্মৃতি-মন্দিৰ ) আৰু আনন্দৰাম লাইব্ৰেৰী এই তিনিওটা অনুষ্ঠানকে ( ২কঠা ৮ লেছা ) মাটি উত্তৰ-পশ্চিম কোণে দি দানপত্র সম্পাদন কৰি দিয়ে ।
এই কথাখিনিও সহজে হৈ উঠা নাছিল । দানপত্র সম্পাদন হোৱাৰ আগতে বৰদলৈদেৱে নাটঘৰ সাজিবলৈ নিদিও বুলি মত প্ৰকাশ কৰিছিল। তেওঁৰ আগত সাহ কৰি স্পষ্ট অভিমত ব্যক্ত কৰিছিল সেই সময়ৰ ডেকা শ্ৰীযুত উদয়নাথ বৰুৱাইহে । যোগেন্দ্রনাথ বৰুৱাই সমস্যা সমাধান নকৰা হলে কিজানি আজি সেই ঠাইত বৰ্ত্তমান সজা বৃহৎ ঘৰটি হৈ নুঠিলহেঁতেন । তর্কবিতৰ্কৰ পিছত বদলৈদেৱে মাটি দান দিবলৈ মান্তি হয় । দানপত্ৰৰ খচৰা শ্ৰীযুত উদয়নাথ বৰুৱা আৰু শ্ৰীযুত উপেন্দ্ৰনাথ লেখাৰুৱে প্ৰস্তুত কৰি
১.যােগেন্দ্ৰনাথ বৰুৱা,
২. কুমুদৰাম বৰা,
৩.শ্ৰীযুত বলিন্দ্ৰকুমাৰ বৰুৱা,
৪. শ্ৰীযুত দেবেন্দ্ৰকুমাৰ বৰদলৈদেৱৰ নাম
এই ট্রাষ্ট সম্পত্তিৰ মেম্বৰ স্বৰূপে প্ৰস্তাৱ কৰে আৰু দানপত্ৰ বৰদলৈদেৱে ৰেজিষ্টৰী কৰি দিয়ে।
উত্তৰ গুৱাহাটী নাট্য সমিতিৰ নাটঘৰ
থানথিতাপি নোহোৱা অনাথ শিশু নাট্য সমিতিয়ে মূৰ সুমুৱাবলৈ থলি পালে । মাটিৰ ব্যৱস্থা হ’ল কিন্তু অর্থাভাৱত স্থায়ী ঘৰ সাজি-অসমৰ নগৰত থকা নাটঘৰৰ অভিনয়ৰ মানতকৈ উত্তৰ গুৱাহাটীৰ ভলক্ষ্মীৰাম নাট্য মন্দিৰত অভিনীত হোৱা নাটকৰ মান কোনো গুণে হীন নহয়। উদ্যমশীল সভাপতিৰ পৰিচালনাত আৰু কাৰ্যকুশল ডেকা সম্পাদকৰ অশেষ যত্ন আক শ্ৰমৰ ফলত নাট্য সমিতিৰ পৰিসৰ যথেষ্ঠ বৃদ্ধি হল ।
নাট ঘৰৰ প্ৰতি ৰাপ থকা লোকসকলৰ মাজত এটি নতুন চেতনা জাগি উঠিল ৷ সমিতিৰ কাম ইমান বাঢ়িবলৈ ধৰিলে যে ১৯৪৮ চনত এজন সহকাৰী সভাপতি আৰু এজন সাধাৰণ সম্পাদকৰ পদ সৃষ্টি কৰা হল আৰু ডাক্তৰ উমেশচন্দ্ৰ বৰদলৈ আৰু শ্ৰীযুত গিৰীন্দ্ৰচন্দ্ৰ চৌধুৰীদেৱ উক্ত পদ দুটাত যথাক্রমে নির্ব্বাচিত হয় ।
১৮।১১।৫১ তাৰিখে শ্ৰীযুত ৰজৎচন্দ্ৰ চাংকাকতি সহকাৰী সভাপতি নির্বাচিত হয় আৰু তেতিয়াৰ পৰা তেখেতে সেই পদত অধিষ্ঠিত আছে । বৰ্ত্তমান নাট্য মন্দিৰৰ ৰূপ দিয়া সকলৰ ভিতৰত শ্ৰীযুত গিৰীন্দ্ৰচন্দ্ৰ চৌধুৰীৰ নাম উত্তৰ গুৱা- হাটী নাট্য সমিতিৰ বুৰঞ্জীত যাউতিযুগীয়া হৈ থাকিব ।
চাওঁতে চাওঁতে উত্তৰ গুৱাহাটী নাট্য সমিতিয়ে চেঙেলীয়া অৱস্থাত ভৰি দিলেহি । ১৯৪৮ চনৰ মাজ ভাগত নাটঘৰৰ দর্শক-গৃহ সাঞ্জিবলৈ যো-জা হ’ল । এটি গৃহ নিৰ্ম্মাণ কমিটি পাতি দি শ্ৰীযুত অজিত কুমাৰ বৰুৱা আৰু শ্ৰীযুত মহিমচন্দ্ৰ বৰুৱাক যুটীয়া সম্পাদক নিযুক্ত কৰি নঘৰ সজাৰ কাম হাতত লোৱা হল ।
১৯৪৯ চনত কিছুদিনৰ কাৰণে শ্ৰীযুত শশধৰ শইকীয়াই সাধাৰণ সম্পাদকৰ কাৰ্য্যভাৰ গ্ৰহণ কৰিছিল যদিও তাৰ পিছত আকৌ দক্ষকর্মী শ্ৰীযুত গিৰীন্দ্ৰ চৌধুৰীয়ে সাধাৰণ সম্পাদকৰ কাৰ্য্যভাৰ গ্ৰহণ কৰি আজিলৈকে সুচাৰুৰূপে নাট্য সমিতিৰ গুৰুভাৰ বহন কৰি আহিছে ।
নতুন যুগৰ সূচনা
উত্তৰ গুৱাহাটীৰ এই পবিত্ৰ অনুষ্ঠানটিৰ উন্নতি সাধনৰ গুৰুভাৰ বহন কৰা বিষয়ববীয়া আৰু দেহেকেহে খাটি দিয়া লোক অনেক আছে । তেওঁলোকৰো দান আন সকলতকৈ কোনো গুণে কম নহয় । ঠাইৰ অভাৱত নাট্য সমিতিৰ চমু বুৰঞ্জীত সেই সুযোগ্য কৰ্ম্মী সকলৰ নাম দিব পৰা নগল । কৰ্ম্মীসকলে যেন দোষ ক্ষমা কৰে।
নাট্য সমিতিয়ে ঠেক গণ্ডীৰ ভিতৰত আবদ্ধ নাথাকি নতুনকৈ নিৰ্ম্মাণ কৰিব ধৰা নাটঘৰৰ দৰ্শক-গৃহটি অসম প্রাদে- শিক কংগ্ৰেছৰ জন্মদাতা, সৰ্ব্বভাৰতীয় কংগ্ৰেছ নেতা, অসম আইৰ কৃতিসন্তান কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈৰ পৱিত্ৰ স্মৃতি ৰক্ষাৰ্থে নবীন বৰদলৈ স্মৃতি ভৱন ” নাম দি নিৰ্ম্মাণ কৰিবলৈ ১৯৪৬ চনৰ সাধাৰণ সভাত শ্ৰীযুত গিৰীন্দ্ৰচন্দ্ৰ চৌধুৰীদেৱে প্ৰস্তাৱ ডাঙি ধৰে আৰু সেই প্ৰস্তাৱ বিপুল হৰ্ষ- ধ্বনিৰ মাজত সৰ্ব্বসম্মতিক্রমে সমৰ্থিত আৰু গৃহীত হয়।
সেই দিনৰ পৰা নাট্য সমিতিৰ আন এটি নতুন যুগৰ সূচনা হয়। বুঢ়া, ডেকা, আন কি মহিলাসকলেও গৃহনিৰ্মাণ কাৰ সহায়ত উঠি পৰি লাগি গল । সমূহীয়া আৰু কমিটিৰ সভাপতি, সাধাৰণ সম্পাদকৰ সুপৰিচালনাত উদ্যম আৰু যত্নৰ ফলত আর্থিক আৰু কায়িক শ্ৰমৰ সহায় আদিৰ অভাৱ নহল । এইখিনিতে উত্তৰ গুৱাহাটী নাৰী সমিতি নাম বিশেষ উল্লেখযোগ্য। তেখেতসকলৰ প্ৰথম দানেৰে নবীন বৰদলৈ ভৱনৰ কাম আৰম্ভ হয় ।
ডেকা কর্মী ” শ্ৰীযুত শুকৰাম ভূঞাৰ খেচখেচনিত ৰব নোৱাৰি বৰদলৈ ভৱনৰ লাই খুটাটো পোট৷ হ’ল । কম দিনৰ ভিতৰতে গৃহ নিৰ্ম্মাণৰ কাম বহুতখিনি আগ বাঢ়ি গল । কিন্তু টিনৰ অভাৱে দেখা দিলে। সোণ পোৱা গলেও টি-পাত পোৱা নাযায় । এই জটিল সমস্যা সমাধান কৰিলে নাট্য সমিতিৰ প্ৰাণ স্বৰূপ শ্ৰীযুত গিৰীন্দ্ৰচন্দ্ৰ চৌধুৰীদেৱে । টিন আহি ঘৰত লাগিলহি । কাম সম্পূর্ণ নৌহওতেই এক নতুন বিপদে দেখা দিলে । কোনোবা লোকৰ অপপ্ৰচাৰে কৰ্ম্মী সকলৰ মন ভাঙি দিলে । ১৯৪৯ চনৰ শেষ ভাগত বিষয়ববীয়া সকলে কাৰ্য্যভাৰ এৰি দিলে । খন্তেকৰ কাৰণে নাট্য সমিতি শনিৰ কোপ দৃষ্টিত পৰিল ।
Location of Pragjyotishpur Kala Parishad
Pragjyotishpur Kala Parishad,
North Guwahati, Silsakoo, besides Punjab National Bank,
Kamrup, Assam, India
Pin 781030













