অত্যন্ত-প্রশাসনিক Assamese Poem

কেলেণ্ডাৰৰ দিনবোৰ ৰণুৱা ঘোঁৰাৰ দৰে

কেলেণ্ডাৰৰ দিনবোৰ ৰণুৱা ঘোঁৰাৰ দৰে চেকুৰে

মাহবোৰৰ হাফ মাৰাথন

বছৰৰ ফুল মাৰাথন।

হেৰাই যায় বছৰবোৰ সন্তর্পনে।

প্রশাসন যন্ত্র চলে নিজৰ গতিত

প্রশাসন যন্ত্র চলে নিজৰ গতিত

যাৰ স্থিতিও অচল তথাপি গতিমান।

জাননীবোৰ জাৰী কৰা হয় জাননীৰ খাতিৰত

জাননীত হেৰাই যায়

বিদায় বেলাৰ মানুহবোৰ।

সেই মানুহবোৰ

সেই মানুহবোৰ, যাৰ অনুপস্থিতিত

থমকি ৰৈছিল বিভাগৰ গুৰুত্বপূৰ্ণ কাম সেই মানুহবোৰ,

যিয়ে বিদায় সভাৰ জাননী

নিজ হাতে তৈয়াৰ কৰিছিল।

বিদায় সভাৰ চাহমেলৰ আয়োজন কৰিছিল।

অৰ্ধছুটিৰ মায়াজাল ফালি সি ওলাই

আহিছিল দহ বজাৰ ঘড়িটো পশ্চিমলৈ ঠেলি;

পাছ বজাৰ কাইট কেইডাল আৰু নাচাও বুলি ।

সদায় দেখি থকা ফুলবোৰ

সদায় দেখি থকা ফুলবোৰ, ধুলিৰে মলিয়ন পাতবোৰ

যেতিয়া মার্কিন কাপোৰত পৰি ৰৈছিল

ধূপৰ সুগন্ধি আৰু ধূনাৰ সুবাস

যেতিয়া আমনিদায়ক হৈ পৰিছিল

মনলৈ অহা শব্দবোৰ আছিল

আৰু এখন জাননীৰ সময় হ’ল।

মাহৰ শেষৰ অৰ্ধছুটিৰ দিন আকৌ আহি গ’ল

ঘূৰি নহা বাটেদি  সৌজন ওলাই গ’ল

ও ঘূৰি নহা বাটেদি  সৌজন ওলাই গ’ল।
উত্তৰণ, পদোন্নতি, ৰদবদলৰ জাননীত অনুষ্ঠানৰ বৃহত্তৰ

স্বাৰ্থত হেৰাই যায় সুখৰ উকমুকৰি আৰু দুখৰ উচুপনি।

সুখ দুখৰ অবাধ বিচৰণ

আমি যে প্রশাসন যন্ত্ৰৰ যোদ্ধা,

যুদ্ধৰ কাৰণ-একমাত্ৰ চাকৰি ভোকে বুজি নাপায়

প্রতিবাদৰ ভাষা পেটৰ জুইত জাহ যায় বহু আশা ৷

কাৰণ ইযে অত্যন্ত প্রশাসনিক।

হৃদয়, আবেগ স্মৃতিৰ বোকোছাত বান্ধি

আমি জাননী তৈয়াৰৰ সমল হৈ ৰও নিশব্দে, নীৰৱে

কাৰণ ইযে অত্যন্ত প্রশাসনিক।


উপাচাৰ্যৰ সচিব আৰু জনসম্পৰ্কৰক্ষী বিষয়া, গুৱাহাটী বিশ্ববিদ্যালয়

মৃণালজ্যোতি ডেকা

The days of the calendar are like a runny horse…..

Mrinaljyoti Deka, Secretary and Public Relations Officer of the Vice-Chancellor, Gauhati University.

Read Next


Tags related to অত্যন্ত-প্রশাসনিক Assamese Poem


Explore More with Tags


Read Next


Trending


Discover more from Your Digital Gateway to North Guwahati

Subscribe now to keep reading and get access to the full archive.

Continue reading