Courage is the Achievement.

আত্মবিশ্বাস, দৃহতা আৰু পৰিবেশৰ পৰা পোৱা অভিজ্ঞতাই মানুহক সাহসী কৰি তোলো।
আত্মবিশ্বাস, দৃহতা আৰু পৰিবেশৰ পৰা পোৱা অভিজ্ঞতাই মানুহক সাহসী কৰি তোলো।

Courage is the Achievement. সাহসে সিদ্ধি

যেতিয়া সমাজ জীৱনত বিশৃংখলতাৰ সৃষ্টি হয়, তেতিয়া সুযোগ সন্ধানী লোকে অর্থ, প্রতিপত্তি আৰু প্রভাব বিস্তাৰ কৰা দেখা যায়।সাধাৰনতে  যুদ্ধ,মহামাৰী,ভাতৃঘাতী সংঘৰ্ষ,ৰাজনৈতিক  অস্থিৰতা,দুৰ্ভিক্ষ,প্ৰাকৃতিক দুৰ্যোগ আদিৰ  দৰে আতংকময় পৰিস্থিতিৰ সময়ত সমাজত বিশৃংখলৰ সৃষ্টি হয় । এনে বিশৃংখল সময়ত জনসাধাৰণে নিজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ বাবে চিন্তিত হোৱাৰ বাবেই চৰকাৰ আৰু প্ৰসাশনে কৰি থকা কাম কাজৰ ওপৰত দৃষ্টিনিবদ্ধ কৰি ৰাখিব নোৱাৰে। 

Courage is the Achievement ৰ উদাহৰণ

উদাহৰণ স্বৰূপে 2য় বিশ্বযুদ্ধৰ কালছোৱাত আমেৰিকাই নিজকে বিশ্বযুদ্ধৰ পৰা প্ৰথম অৱস্থাত দূৰত ৰাখি বৃটেইন আৰু মিত্র শক্তিক অস্ত্র শস্ত্র বিক্রি কৰি, বহু ধন অর্জন কৰে । যেতিয়া জাপানে পাৰ্ল হাৰ্বাৰ অক্রমণ কৰে তেতিয়াহে আমেৰিকাই প্ৰতক্ষ ৰূপত যুদ্ধত অবতীৰ্ণ  হয় ।

প্ৰায় ছয় বছৰ ধৰি যুদ্ধত লিপ্ত হৈ বৃটেইনৰ অবস্থা বৰ সোচনীয় হৈ পৰিছিল কিন্তু এসময়ৰ প্ৰবল প্ৰতাপী বৃটেইনে সহজে হাৰ মানিব খোজা নাছিল।বৃটেইনৰ এই  ভীতিগ্রস্থ পৰিস্থিতিৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰি অতি চতুৰ আমেৰিকাই বৃটেইনক সহায় কৰাৰ বিনিময়ত তেওঁলোকৰ অধিনত থকা মহাসাগৰীয় বহু দীপপুঞ্জ নিজৰ দখলৰ ভিতৰত আনে ।বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰ  বিশ্বৰ ভিতৰত এক নম্বৰ ধনী তথা প্ৰতিপত্তিশীল দেশ হোৱাৰ মূলতেই হৈছে 2য় বিশ্বযুদ্ধৰ সময়ত বৃটেইনৰ পৰা কৌশলৰে হস্তগত কৰা মহা সমুদ্ৰৰ এই দ্বীপপুঞ্জ সমূহ।

এই দ্বীপপুঞ্জ সমূহৰ ভৌগোলিক অৱস্থান এনেকুৱা আছিল যে বৰ্তমান সমগ্ৰ পৃথিৱীৰ 50 শতাংশ সামুদ্ৰিক বেহাবেপাৰ আমেৰিকাৰ নিয়ন্ত্ৰণৰ অধীনত আহে। ইয়াৰ উপৰিও এই দ্বীপপুঞ্জ সমূহত থকা তেওঁলোকৰ সামৰিক ঘাটি সমূহৰ বাবে আজি সমগ্রহ বিশ্বত আমেৰিকাই  দপদপাই থাকিব পাৰিছে ।

এই 2য় বিশ্বযুদ্ধৰ সময় চোৱাতেই ভৰতৰ দৰে ঠাইতো যুদ্ধৰ সুযোগ বুজি বহুতো স্থানীয় ব্যক্তি তথা ভাৰতীয় ব্যৱসায়ীয়ে সেনাবাহিনীক উচ্চ দৰত ৰচদ পাতি, বয় বস্তুৰ যোগান ধৰি বহু ধনৰ গৰাকী হয়। পৰবৰ্তি সময়ত এই সকল লোকে যুদ্ধৰ সময়ত আহৰন কৰা ধনৰ সৎ বিনিয়োগৰ দ্বাৰা প্ৰতিপত্তিশীল হৈ উঠিছিল।

সেইদৰে অসমতো 90 দশকত  যেতিয়া উগ্ৰপন্থী সংগঠনসমূহৰ  দপদপনিত চৰকাৰ ত্ৰস্তমান হৈ পৰিছিল। তেতিয়া চৰকাৰক সহায় কৰাৰ নামত বহু সুযোগ সন্ধানী লোকে চৰকাৰৰ পৰা নানান ধৰণৰ সা সুবিধা লবলৈ সক্ষম হৈছিল।

বৰ্তমান সময়ৰ কভিদ মহামাৰীয়ে যেতিয়া সমগ্রহ বিশ্বৰ মানব সমাজক আতংকিত কৰি  এক কল্পনাতীত পৰিস্থিতিৰ সৃষ্টি কৰিছিল, তেতিয়াই এচাম লোকে বিভিন্ন ক্ষেত্ৰত সাহসৰ পৰিচয় প্ৰদান কৰি মানবতাৰ শ্ৰেষ্ঠ নিদৰ্শন প্ৰদৰ্শন কৰিছিল। ইয়াৰ মাজতে কিছু সংখক লোকে অতি চতুৰতাৰে ৰাজনৈতিক আৰু আৰ্থিক মুনাফা আদায় কৰে ।

কাৰ্গিল যুদ্ধৰ সময়তো হোৱা এনেবোৰ কথা নিশ্চিয় সকলোৰে মনত আছে।

সাহস হল মানুহৰ এটা মনস্তাত্বিক  অবস্থা

গতিকে উপৰোক্ত উদাহৰন বোৰে ইয়াকেই প্রতিপন্ন কৰে যে, যেতিয়াই সর্বসাধাৰণ মানুহ ভীতিগ্রস্থ হয়, তেতিয়াই কিছু সাহসী আৰু বুদ্ধিমান লোকে নিজ স্বার্থ সিদ্ধি কৰে।ভয় আৰু শংকাৰ ওপৰত যাৰ নিয়ন্ত্রণ থাকে তেওঁৱেই বিপৰীত কালত ধন সম্পত্তি আহৰণ কৰিব পাৰে। সাহস অবিহনে এই পৃথিবীত ধন আহৰণ কৰাটো সম্বভ নহয়।

সাহস হল মানুহৰ এটা মনস্তাত্বিক  অবস্থা। ই মানুহৰ শাৰীৰিক শক্তিৰ লগত  যুক্ত নহয়। দেখা যায় যে শাৰীৰিক ভাবে ক্ষীণ,চুটি, চাপৰ মানুহ এজনৰ সহস পালোৱান এজনতকৈ বেছি হব পাৰে । সাহস এক প্রকাৰৰ ভগৱান প্ৰদত্ত গুণ কিন্ত  নিজে পৰিবেশ আৰু পৰিস্থিতিৰ পৰা আহৰণ কৰা অভিজ্ঞতাৰ পৰা এইবিধ গুণ বৃদ্ধি কৰিবপৰা যায় ।

অৰ্থাৎ আত্মবিশ্বাস, দৃহতা আৰু পৰিবেশৰ পৰা পোৱা অভিজ্ঞতাই মানুহক সাহসী কৰি তোলো।

মানুহৰ আত্মবিশ্বাস বা willpower তেতিয়াই বৃদ্ধি হয়  তেতিয়াই মানুহে যিকোনো  বিষয়ত বুৎপত্তি অর্জন  কৰিবলৈ সক্ষম  হয় । তপস্যা, ত্যাগ আৰু নেৰানেপেৰা চেষ্টাৰ বলত যে মানুহে নিজৰ আত্মবিশ্বাস বৃদ্ধি কৰিব পাৰে তাৰ উদাহৰণ আমাৰ পৌৰাণিক গ্ৰন্থ  সমূহৰ পাতে পাতে বিৰাজ মান ।

আত্মবিশ্বাস, দৃহতা আৰু পৰিবেশৰ পৰা পোৱা অভিজ্ঞতাই মানুহক সাহসী কৰি তোলো।

শ্যামল বৰুৱা

সাহস কেনেদৰে প্ৰাপ্ত কৰিব?

1ম স্তৰ > কঠোৰ পৰিশ্ৰম, চেষ্টা আৰু অভিজ্ঞতাই মানুহৰ জ্ঞান বৃদ্ধি কৰে ।
2য় স্তৰ > জ্ঞানে মানুহৰ আত্মবিশ্বাস আৰু বোধ শক্তিক বঢ়াই তোলে ।
3য় স্তৰ > আত্মবিশ্বাসে মনলৈ সাহস  আনে।
4ৰ্থ স্তৰ > সাহসে মানুহৰ জীৱনলৈ সমৃদ্ধি , ধন, জন, বল কঢ়িয়াই  আনে ।

Without wisdom যদি সাহস দেখুৱাবলৈ যোৱা হয় তেন্তে তাক মুৰ্খামী বুলিহে ধৰা হব।

উদাহৰণ স্বৰূপে কব পাৰিযে চিকাৰৰ কোনো সামান্য জ্ঞান নথকাকৈ যদি বাঘ বা হাতী ধৰিবলৈ যোৱা যায়, তেন্ত Luck ভাল থাকিলে কিবাকৈ বাছি আহিবও পাৰে নতুবা বেয়া Luck থাকিলে বনতে নিহত হবও পাৰে । এনে ক্ষেত্ৰত  সাহসৰ বিপৰীত শব্দ ভীৰু বা কাপুৰুষ নহৈ মুৰ্খ বুলি কোৱাটোহে সমিচীন হব।

সাহসে সিদ্ধি Courage is the Achievement
সাহসে সিদ্ধি Courage is the Achievement

এসময়ৰ ইংলেণ্ডৰ  বিখ্যাত প্রধান মন্ত্রী চার্চিলে মন্তব্য কৰিছিল যে মানুহৰ ব্যক্তিগত জীবনেই হওক বা কোনো এখন ৰাষ্ট্ৰৰ ক্ষেত্রতেই হওক, Change বা পৰিবৰ্তন খুবেই প্রয়োজন! নতুন পৰিবেশ আৰু পৰিৱৰ্ত্তিত পৰিস্থিতিত হে, নতুন মানুহৰ সৃষ্টি হয়।

শক্তিশালী আৰু সাহসী লোকসকলহে পৰিবৰ্তিত যিকোনো পৰিস্থিতিত (ৰাজনৈতিক, সামাজিক) নিজকে সুদৃহ ভাবে প্ৰতিস্থা কৰিব পাৰে। গতিকে Change বা পৰিবৰ্তনৰ বাবে সদায় নিজকে মানসিক ভাবে প্রস্তুত কৰি ৰাখিব লাগিব। 

Assamese motivational blog, অসমীয়া অনুপ্ৰেৰণামূলক ব্লগ

Tags related to Courage is the Achievement.

Read Next


Leave a Reply

Your email address will not be published. Required fields are marked *

Trending

Discover more from The Wikipedia of North Guwahati

Subscribe now to keep reading and get access to the full archive.

Continue reading